লাকী বেম্ব ( LUCKY BAMBOO )

                •         লাকী বেম্ব  এক প্ৰকাৰৰ সৌন্ধয্য বৰ্ধক Indoor plant হিচাপে সমগ্ৰ বিশ্বতে সমাদৰ আছে।বিভিন্ন ষ্টাইলৰ লাকী বেম্ব মানুহে দ্ৰয়িংৰুম,বেড ৰুম আৰু




                  ডাইনিংৰুমত সজাই থোৱা দেখা যায়। ফেংচুই শাস্ত্ৰমতে এইবিধ উদ্ভিদৰ কেইবাটাও যোগাত্মক সুফল আছে। মহানিম আৰু তুলসী গছে চৌপাশৰ
                  বায়ু বিশুদ্ধ কৰাৰ দৰে লাকী বেম্বই আমাৰ ঘৰৰ ভিতৰত যোগাত্মক বাতাবৰণ সৃষ্টি কৰে ।                                                                                                                                                                                   লাকী বেম্বৰ  বৈজ্ঞানিক নাম Dracena sanderiana, ইয়াৰ নাম Lucky Bamboo হলেও ই বাহগছ গোত্ৰৰ উদ্ভিদ নহয় । ই এবিধ Lily plants জাতীয় উদ্ভিদহে ।ই প্ৰায় দুইৰ পৰা চাৰিফুট পৰ্যন্ত ওখ হয় । মাটি আৰু পানীত ৰুব পৰা এইবিধ উদ্ভিদ চোকা ৰ’দত শ্ৰীবৃদ্ধি নহয় ।                                                                                                                     মাটিৰ পাত্ৰ( টাপ )ত পচন সাৰ দি লাকী বেম্ব ৰুব পাৰে । টাপৰ মাটিৰ লগত তিনিটামান কণীৰ চেকুৰা ভাঙি মিহলি কৰি দিব পাৰে-ই টনিকৰ কাম কৰিব ।মাটিৰ টাপত ৰুলে বেছি চোৱা-চিতা কৰাৰ প্ৰয়োজন নাই যদিও সপ্তাহত দুই-তিনিবাৰ পানী দিয়া প্ৰয়োজন । কাঁচৰ গিলাচ বা পাত্ৰত সৰু সৰু  শিলগুটি (pebbles, online ত পোৱা যায় )  দি শিলৰ ওপৰত এক ইঞ্চি পানী দি লাকী বেম্ব লগাব পাৰি । পানীত এটোপাল জুলীয়া সাৰ দিলে ইয়াৰ শ্ৰীবৃদ্ধি হয় ।                                                                                                                                                           

                  এখন  ঘৰৰ ভিতৰত লাকী বেম্ব  যিকোনো স্থানত ৰাখিব নালাগে । বিশ্বাস অনুসৰি ঘৰখনৰ দক্ষিণ-পূৱ বা পূৱ দিশত ৰাখিলে সৌভাগ্য উদয় হয় ।ফেংচুই শাস্ত্ৰমতে কোনো পাত্ৰত একেলগে ৰখা দুডাল গছ (Stalks )- প্ৰেমৰ প্ৰতীক ; তিনিডাল গছ-সুখ,উন্নতি আৰু দীৰ্ঘায়ুৰ প্ৰতীক । ঠিক তেনেকৈ একেলগে ৰখা পাঁচডাল গছে ধন-সম্পত্তি বৃদ্ধিত যোগাত্মক প্ৰভাৱ পেলাব পাৰে বুলি বিশ্বাস কৰে ।                                                                                                                                                  এক  অনুপম সুন্দৰ সৃষ্টিৰে সকোলোকে সন্মোহিত কৰি ৰাখিব পৰা প্ৰকৃতিৰ অলংকাৰিক উদ্ভিদবোৰৰ ভিতৰত লাকী বেম্ব  এক সেউজ সৌন্দৰ্যবৰ্ধক উদ্ভিদ । লাকী বেম্ব সৌন্দৰ্য পিপাসু ব্যক্তিসকলৰ ঘৰৰ অভ্যন্তৰীণ ভাগৰ সৌন্দৰ্য বৰ্ধন নাইবা সৌভাগ্যশালী উদ্ভিদ ৰূপেই নহয়, ই একোবিধ বায়ু বিশুদ্ধিকাৰক উদ্ভিদ হোৱাৰ বাবে ইয়াৰ মূল্য বা সমাদৰ অধিক । বৈজ্ঞানিক গৱেষণাই প্ৰমাণ কৰিছে যে দহবিধ বায়ু বিশুদ্ধিকৰণ উদ্ভিদৰ ভিতৰত লাকী বেম্ব অন্যতম ।বৈদু্যতিক যন্ৰ-পাতি, আচ্‌বাব পত্ৰ  আদিৰ প্ৰভাৱত সৃষ্টি হোৱা মানৱ দেহৰ বাবে অতিকৈ অপকাৰী উদ্ধায়ী গেছবোৰ শোষণ কৰি ই জলবায়ু বিশুদ্ধিকৰণ প্ৰক্ৰিয়াত সক্ৰিয় ভূমিকা পালন কৰে ।দিল্লী ইন্ধিৰা গান্ধী আন্তঃজাৰ্তিক বিমান বন্দৰত বায়ু বিশুদ্ধিকৰণৰ বাবে যথেষ্ট পৰিমাণৰ লাকী বেম্ব ৰোপন কৰাৰ তথ্য পোৱা গৈছে ।
                              

Comments